Assamese Abridged Explanation of the Quran
3:28 - 3:28

হে ঈমান্দাৰসকল! তোমালোকে কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা আৰু মুমিনসকলক এৰি সিহঁতৰ লগত আন্তৰিকতা নকৰিবা আৰু সিহঁতক সহায় নকৰিবা। আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ আৰু আল্লাহৰ লগত তাৰ কোনো সম্পৰ্ক নাই। কিন্তু যদি তোমালোক সিহঁতৰ অধীনত থাকা আৰু সিহঁতৰ ফালৰ পৰা যদি প্ৰাণৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে তেন্তে এনেকুৱা পৰিস্থিতিত সিহঁতৰ অন্যায়ৰ পৰা বাচিবলৈ অন্তৰত বিদ্বেষ ৰাখি কথাত আৰু কৰ্মত কোমলতা প্ৰকাশ কৰিলেও কোনো অসুবিধা নাই। আৰু আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়, এতেকে তেওঁক ভয় কৰা। গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ চিকাৰ নহ'বা। আৰু সকলো বান্দাই নিজৰ কৰ্মৰ ফলাফল গ্ৰহণ কৰিবলৈ কিয়ামতৰ দিনা তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব।