Assamese Abridged Explanation of the Quran
3:36 - 3:36

যেতিয়া গৰ্ভৰ সময় সম্পূৰ্ণ হল আৰু প্ৰসৱ কৰিলে। তেতিয়া ইমৰাণৰ পত্নীয়ে- যিহেতু তেওঁ মনে মনে আশা পোষণ কৰিছিল পুত্ৰ সন্তান জন্ম হব, কিন্তু তেওঁৰ আশাৰ বিপৰীতে ছোৱালীহে জন্ম হল, সেয়ে মিনতি কৰি কলেঃ “হে মোৰ প্ৰতিপালক! মই কন্যা সন্তানহে জন্ম দিছো!” যদিও আল্লাহে ভালকৈ জানে যে, কি সন্তান জন্ম হৈছে কিন্তু তেওঁ যি সন্তান জন্ম দিছে সেই সন্তান তেওঁ কামনা কৰা পুত্ৰ সন্তানতকৈ শাৰীৰিক দিশত অধিক শক্তিশালী। লগতে তেওঁ আৰু কলেঃ মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে ইয়াক আৰু ইয়াৰ সন্তানক বিতাড়িত চয়তানৰ পৰা ৰক্ষা দায়িত্ব তোমাৰ ওপৰত অৰ্পন কৰিছো।