Assamese Abridged Explanation of the Quran
3:37 - 3:37

আল্লাহে তেওঁৰ এই মান্নত উত্তমভাৱে স্বীকাৰ কৰিলে, মাৰইয়ামক উত্তমভাৱে লালন-পালন কৰিলে, তেওঁৰ নেক বান্দাসকলৰ অন্তৰত মৰিয়মৰ বাবে দয়া ওপজাই দিলে আৰু মাৰইয়ামৰ সংৰক্ষণৰ দায়িত্ব জাকাৰিয়্যা আলাইহিছ ছালামক অৰ্পন কৰিলে। জাকাৰিয়্যা আলাইহিছ ছালামে যেতিয়াই উপাসনা স্থলত প্ৰৱেশ কৰিছিল তেতিয়াই মাৰইয়ামৰ ওচৰত বিভিন্ন ধৰণৰ উত্তম জীৱিকা দেখিবলৈ পাইছিল। এই দেখি জাকাৰিয়্যা আলাইহিছ ছালামে আচৰিত হৈ সুধিছিলঃ হে মাৰইয়াম! তোমাৰ ওচৰত এইবোৰ খাদ্য কৰ পৰা আহে? তেওঁ উত্তৰ দি কৈছিলঃ এইবোৰ খাদ্য আল্লাহৰ তৰফৰ পৰা দিয়া হৈছে। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে প্ৰচুৰ পৰিমাণে জীৱিকা দান কৰে।