Assamese Abridged Explanation of the Quran
3:44 - 3:44

জাকাৰিয়্যা আৰু মাৰইয়াম আলাইহিমাছ ছালাম সম্পৰ্কে উপৰোক্ত বৰ্ণনাসমূহ গায়েবৰ অন্তৰ্ভুক্ত, যিটো আমি -হে ৰাছুল- আপোনাৰ প্ৰতি অহী কৰিছো। আপুনি সেই ধৰ্মগুৰু আৰু নেক মানুহসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে পৰস্পৰে এই কথাত বাদানুবাদ কৰি আছিল যে, মাৰইয়ামৰ লালন-পালনৰ অধিক হকদাৰ কোন? বিবাদ ইমান ডাঙৰ হৈ গল যে, সিহঁত এই বিষয়ে লটাৰী কৰিবলৈ বাধ্য হল, আৰু নিজৰ নিজৰ কলম নিক্ষেপ কৰিলে। ফলত জাকাৰিয়্যা আলাইহিছ ছালামৰ কলমে সফলতা অৰ্জন কৰিলে।