Assamese Abridged Explanation of the Quran
3:45 - 3:45

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে কৈছিলঃ হে মাৰইয়াম! আল্লাহে তোমালৈ এজন সুসন্তানৰ সংবাদ প্ৰেৰণ কৰিছে, যাৰ জন্ম পিতৃ নোহোৱাকৈ হব। তেওঁৰ জন্ম আল্লাহৰ এটা শব্দ দ্বাৰা হব, আল্লাহে ক'ব “কূন” (হোৱা), ফলত আল্লাহৰ আদেশত পুত্ৰ সন্তান জন্ম লাভ কৰিব। তেওঁৰ নাম হব মছীহ ঈছা ইবনে মৰিয়ম। তেওঁ পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিব লগতে তেওঁ আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ অন্তৰ্ভুক্ত হ'ব।