Assamese Abridged Explanation of the Quran
3:54 - 3:54

বনী ইছৰাঈলৰ কাফিৰসকলে ষড়যন্ত্ৰ ৰচিলে আৰু ঈছা আলাইহিছ ছালামক হত্যা কৰাৰ প্ৰয়াস কৰিলে। ফলত আল্লাহে কৌশল অৱলম্বন কৰিলে আৰু সিহঁতক সিহঁতৰ পথভ্ৰষ্টতাত এৰি দিলে আৰু আন এজন ব্যক্তিক ঈছা আলাইহিছ ছালামৰ সদৃশ কৰি দিলে। নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী। কিয়নো শত্ৰুৰ বিৰুদ্ধে আল্লাহতকৈ সঠিক কৌশল আন কোনেও কৰিব নোৱাৰে।