Assamese Abridged Explanation of the Quran
3:59 - 3:59

দৰাচলতে আল্লাহৰ দৃষ্টিত ঈছা আলাইহিছ ছালামৰ সৃষ্টিৰ উদাহৰণ আদম আলাইহিছ ছালামৰ দৰেই, যিদৰে তেওঁক মাটিৰে সৃষ্টি কৰিছে। আল্লাহে তেওঁক বিনা পিতৃ মাতৃৰে সৃষ্টি কৰিছে। আল্লাহে কেৱল কৈছিলঃ মানুহত পৰিণত হোৱা, ফলত আল্লাহৰ ইচ্ছাত সেই মাটি মানুহত পৰিণত হৈছিল। তেন্তে ইহঁতে ঈছাক কেনেকৈ উপাস্য হিচাপে দাবী কৰে, এই কাৰণে নেকি যে, তেওঁ বিনা পিতৃৰে সৃষ্টি হৈছে? অথচ সিহঁতে এই কথা স্বীকাৰ কৰে যে আদম আলাইহিছ ছালাম এজন মানৱ। যদিও তেওঁক পিতৃ আৰু মাতৃ দুয়ো নোহোৱাকৈ সৃষ্টি কৰা হৈছিল।