Assamese Abridged Explanation of the Quran
3:61 - 3:61

হে ৰাছুল! আপোনাৰ ওচৰত ঈছা আলাইহিছ ছালামৰ বিষয়ে সঠিক জ্ঞান অহাৰ পিছতো যদি নাজৰানৰ খৃষ্টানসকলে আপোনাৰ লগত ঈছা আলাইহিছ ছালাম আল্লাহৰ বান্দা নহয় বুলি বাদানুবাদ কৰে, তেন্তে সিহঁতক কৈ দিয়কঃ আহা আমি উপস্থিত কৰো, আমি আমাৰ পুত্ৰসকলক আৰু তোমালোকে তোমালোকৰ পুত্ৰসকলক, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো লগতে আমিও থাকিম আৰু তোমালোকেও তাত থাকিবা। তাৰ পিছত আমি সকলোৱে কাকূতি-মিনতি কৰি আল্লাহৰ ওচৰত দুআ কৰিম যে, তেওঁ যেন আমাৰ মাজৰ মিছলীয়া পক্ষক অভিসম্পাত কৰে।