Assamese Abridged Explanation of the Quran
3:69 - 3:69

হে মুমিনসকল! ইয়াহূদী আৰু খৃষ্টানসকলৰ ধৰ্মগুৰুসকলে তোমালোকক এই সত্যৰ পৰা পথভ্ৰষ্ট কৰিব বিচাৰে, যিটোৰ হিদায়ত আল্লাহে তোমালোকক প্ৰদান কৰিছে। যদিও সিহঁতে নিজকেই পথভ্ৰষ্ট কৰি আছে। কাৰণ মুমিনসকলক পথভ্ৰষ্ট কৰাৰ প্ৰয়াসে সিহঁতৰ নিজৰ ভ্ৰষ্টতা বৃদ্ধি কৰে, অথচ সিহঁত নিজৰ কৰ্মৰ পৰিণাম সম্পৰ্কে নাজানে।