Assamese Abridged Explanation of the Quran
3:73 - 3:73

সিহঁতে এই কথাও কয়ঃ তোমালোকে কেৱল তাৰেই কথা বিশ্বাস কৰিবা আৰু অনুসৰণ কৰিবা যিজন তোমালোকৰ ধৰ্মৰ অনুসাৰী। হে ৰাছুল! কৈ দিয়ক, সত্যৰ পথ একমাত্ৰ আল্লাহৰ পথ। সত্যৰ পথ, মিছা আৰু অবাধ্যতাৰ পথ নহয় যিটোৰ ওপৰত তোমালোকে আছা। তোমালোকৰ ভয় কেৱল এইটো যে, আন কোনোবাই সেইদৰে অনুগ্ৰহপ্ৰাপ্ত নহওক যিদৰে তোমালোকে প্ৰাপ্ত হৈছা। অথবা তোমালোকৰ ভয় এইটো যে, যদি তোমালোকে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা স্বীকাৰ কৰা তেন্তে সিহঁতে তোমালোকৰ বিৰুদ্ধে আল্লাহৰ সন্মুখত প্ৰমাণ দাঙি ধৰিব। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় অনুগ্ৰহ কেৱল আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। তেওঁৰ দয়া কোনো সম্প্ৰদায় বিশেষ পৰ্যন্ত সীমিত নহয়। নিশ্চয় আল্লাহ অসীম অনুগ্ৰহকাৰী, তেওঁ ভালকৈ জানে কোনে তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ।