Assamese Abridged Explanation of the Quran
3:76 - 3:76

বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে দাবী কৰে, বৰং সিহঁতৰ গুনাহ হ'ব। এতেকে যিয়ে আল্লাহৰ প্ৰতিশ্ৰুতি পালন কৰি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে, তথা মানুহৰ প্ৰতিশ্ৰুতি পূৰণ কৰি সিহঁতৰ আমানত আদায় কৰে, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে মুত্তাক্বীসকলক ভালপায়। আৰু তেওঁ তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিব।