Assamese Abridged Explanation of the Quran
3:79 - 3:79

কোনো মানুহৰ বাবে উচিত নহয় যে, আল্লাহে তেওঁক অৱতীৰ্ণ পুথি প্ৰদান কৰাৰ পিছত, জ্ঞান বুদ্ধি দান কৰাৰ পিছত লগতে নবীৰ দৰে সন্মানিত পদ প্ৰদান কৰাৰ পিছত তেওঁ মানুহক ক'বঃ তোমালোকে আল্লাহক এৰি মোৰ উপাসনা কৰা। বৰং তেওঁ এইটোহে কবঃ তোমালোকে সত্কৰ্মকাৰী আলিম, মানুহক সদাচৰণৰ শিক্ষা প্ৰদানকাৰী আৰু সিহঁতৰ জীৱন সংশোধনকাৰী হৈ যোৱা। কাৰণ তোমালোকে আল্লাহৰ পুথিৰ শিক্ষা দিয়া তথা সেইটো পাঠ কৰি মুখস্থ কৰা আৰু বুজি পোৱা।