Assamese Abridged Explanation of the Quran
3:92 - 3:92

হে মুমিনসকল! তোমালোকে পূণ্যৱান লোকসকলৰ ছোৱাব আৰু তেওঁলোকৰ স্থান প্ৰাপ্ত হব নোৱাৰা, যেতিয়ালৈকে তোমালোকে নিজৰ সেই ধন আল্লাহৰ পথত ব্যয় নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰিয়। আৰু তোমালোকে যি দান কৰিবা সেয়া কম হওঁক অথবা বেছি, নিশ্চয় আল্লাহে তোমালোকৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত, আৰু তেওঁ প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিদান দিব।