Assamese Abridged Explanation of the Quran
3:103 - 3:103

হে মুমিনসকল! কিতাপ আৰু ছুন্নতক দৃঢ়ভাৱে খামুচি ধৰা আৰু এনেকুৱা কোনো কাম নকৰিবা যাৰ মতভেদ সৃষ্টি হয়। আৰু তোমালোকৰ ওপৰত আল্লাহৰ সেই পুৰষ্কাৰসমূহ স্মৰণ কৰা, ইছলাম পূৰ্বে যেতিয়া তোমালোক ইজনে সিজনৰ শত্ৰু আছিলা, সৰু সৰু কথাত পৰস্পৰে যুদ্ধ কৰিছিলা। পিছত তেওঁ ইছলামৰ জৰিয়তে তোমালোকৰ অন্তৰত প্ৰীতি স্থাপন কৰিলে। ফলত তোমালোকে তেওঁৰ কৃপাত পৰস্পৰৰ প্ৰতি দয়ালু আৰু শুভাকাংক্ষী হৈ ধাৰ্মিক ভাই হৈ গলা। অথচ ইতিপূৰ্বে তোমালোকে কুফুৰীৰ কাৰণে জাহান্নামৰ দুৱাৰডলিত আছিলা। এতেকে আল্লাহে তোমালোকক ইছলামৰ দ্বাৰা তাৰ পৰা ৰক্ষা কৰিলে আৰু ঈমানৰ পথ দেখুৱালে। যিদৰে আল্লাহে তোমালোকৰ বাবে এইটো বৰ্ণনা কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ বাবে সেই সকলো কথা বৰ্ণনা কৰে যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ। যাতে তোমালোক সত্পথৰ পথিক হোৱা আৰু ঈমানৰ পথত পৰিচালিত হোৱা।