Assamese Abridged Explanation of the Quran
3:106 - 3:106

সিহঁতক এই প্ৰচণ্ড শাস্তি ক্বিয়ামতৰ দিনা বিহা হ’ব, যেতিয়া মুমিনসকলৰ মুখমণ্ডল আনন্দ আৰু সন্তুষ্টিৰে উজ্জ্বলিত হ’ব। আনহাতে কাফিৰসকলৰ মুখমণ্ডল দুখ আৰু শোকত কলা হৈ পৰিব। সিহঁতক ধমক দি কোৱা হ’বঃ তোমালোকে আল্লাহৰ তাওহীদক কিয় অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ সেই অঙ্গীকাৰ কিয় অস্বীকাৰ কৰিছিলা যিটোত কোৱা হৈছে, অঙ্গীকাৰ সত্য বুলি স্বীকাৰ কৰাৰ পিছত তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা?! এতেকে তোমালোকে এতিয়া সেই শাস্তি উপভোগ কৰা যিটো আল্লাহে তোমালোকৰ কুফুৰীৰ কাৰণে প্ৰস্তুত কৰি ৰাখিছে।