Assamese Abridged Explanation of the Quran
3:137 - 3:137

উহুদৰ দিনা মুমিনসকলক বিপদত পেলাই পৰীক্ষা কৰা হৈছিল। সেয়ে আল্লাহে তেওঁলোকক সান্ত্বনা প্ৰদান কৰি কৈছেঃ তোমালোকৰ পূৰ্বেও কাফিৰসকলক বিনাশ কৰিবলৈ তথা মুমিনসকলক পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ পৰিণাম মঙ্গলময় কৰাৰ কেইবাটাও ঐশী উদাহৰণ পূৰ্বেই অতিবাহিত হৈছে। এতেকে তোমালোকে পৃথিৱীত বিচৰণ কৰা আৰু পাঠ গ্ৰহণ কৰা উদ্দেশ্যে চোৱা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তিসকলৰ পৰিণাম কি হৈছিল। সিহঁতৰ ঘৰ দুৱাৰ জনশূন্য হৈছিল আৰু সিহঁতৰ সাম্ৰাজ্য সমাপ্ত হৈছিল।