Assamese Abridged Explanation of the Quran
3:139 - 3:139

হে মুমিনসকল! তোমালোকে দুৰ্বল নহবা আৰু উহুদৰ ময়দানত পোৱা কষ্টৰ প্ৰতি দুখ নকৰিবা। এয়া তোমালোকৰ বাবে উচিতো নহয়। তোমালোকেই সৰ্বোচ্চ কিয়নো তোমালোক মুমিন। আল্লাহৰ সহায় আৰু তেওঁৰ সহযোগিতা কামনা কৰাৰ কাৰণে তোমালোকেই সৰ্বোচ্চ। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ মুত্তাক্বী বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতিক বিশ্বাস কৰা।