Assamese Abridged Explanation of the Quran
3:144 - 3:144

আৰু মুহাম্মদো আল্লাহৰ অন্য ৰাছুলৰ দৰেই এজন ৰাছুল, যিসকল মৃত্যু বৰণ কৰিছে অথবা হত্যা কৰা হৈছে। যদি এওঁ মৃত্যুবৰণ কৰে অথবা তেওঁক হত্যা কৰা হয় তেন্তে তোমালোকে ইছলামৰ পৰা আঁতৰি যাবা নেকি, আৰু জিহাদ এৰি দিবা নেকি? শুনা! তোমালোকৰ মাজৰ যিয়ে দ্বীন ত্যাগ কৰিব, ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। কিয়নো তেওঁ মহান পৰাক্ৰমশালী। আৰু ধৰ্ম পৰিত্যাগকাৰী ব্যক্তিয়ে নিজৰেই ক্ষতি সাধন কৰিব, ফলত সি পৃথিৱী আৰু আখিৰাত উভয়তে ক্ষতিগ্ৰস্ত হব। আল্লাহে কৃতজ্ঞতা জ্ঞাপনকাৰী সকলক তেওঁৰ দ্বীনৰ ওপৰত অটল ৰাখি আৰু তেওঁৰ পথত জিহাদ কৰাৰ তাওফীক প্ৰদান কৰি আটাইতকৈ উত্তম প্ৰতিদান দান কৰিব।