Assamese Abridged Explanation of the Quran
3:143 - 3:143

হে মুমিনসকল! তোমালোকে দেখুন মৃত্যু আৰু ইয়াৰ কঠিন মূহূৰ্তৰ সন্মুখীন হোৱাৰ পূৰ্বে কাফিৰসকলৰ লগত মুখামখী হোৱাৰ কামনা কৰিছিলা, যাতে তোমালোকেও নিজৰ সেই ভাতৃসকলৰ দৰে আল্লাহৰ পথত শ্বহীদ হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰা, যিসকলে বদৰৰ যুদ্ধত শ্বহীদ হৈছিল। চোৱা, এতিয়া তোমালোকে উহুদৰ ময়দানত সেই দৃশ্য নিজ চকুৰে দেখিলা যিটো তোমালোকে কামনা কৰিছিলা।