Assamese Abridged Explanation of the Quran
3:145 - 3:145

প্ৰত্যেক প্ৰাণী সেই সময়তে মৃত্যু বৰণ কৰে যেতিয়া আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰি দিয়া সময় সমাপ্ত হোৱাৰ পিছত তাৰ নিশ্চিত সময় আহি পৰে। সেই সময়তকৈ আগুৱাইয়ো যাব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। যিয়ে নিজৰ আমলৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ ফলাফল বিচাৰে, আমি তাক তাৰ ভাগ্যত লিখা অনুসাৰে প্ৰদান কৰো কিন্তু আখিৰাতত সি কোনো অংশ নাপাব। আনহাতে যিয়ে নিজৰ আমলৰ বিনিময়ত আখিৰাতৰ প্ৰতিদান বিচাৰে, আমি তাক তাৰ প্ৰতিদান প্ৰদান কৰিম। আৰু আমি অতিশীঘ্ৰে তেওঁলোকক মহাপ্ৰতিদান প্ৰদান কৰিম যিসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।