Assamese Abridged Explanation of the Quran
3:146 - 3:146

আল্লাহৰ নবীসকলৰ মাজত এনেকুৱা বহুতো নবী আছে যিসকলৰ লগত মিলি তেওঁলোকৰ অনুসাৰীসকলৰ ডাঙৰ ডাঙৰ দলে যুদ্ধ কৰিছে। এতেকে তেওঁলোকে আল্লাহৰ পথত হোৱা হত্যা আৰু আঘাতক ভয় কৰি যুদ্ধত সাহস হেৰুৱা নাছিল আৰু শত্ৰুৰ লগত যুদ্ধ কৰাত দুৰ্বলো হোৱা নাছিল লগতে সিহঁতৰ সন্মুখত নতজানুও হোৱা নাছিল। বৰং তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু অটল আছিল। নিশ্চয় আল্লাহে তেওঁৰ পথৰ কঠিন অৱস্থাত ধৈৰ্য ধাৰণকাৰী সকলক পছন্দ কৰে।