হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুনাফিকসকলৰ মাজৰ কাফিৰসকলৰ দৰে নহবা। যিসকলে নিজৰ সেই সকল আত্মীয়ক কয় যিসকলে জীৱিকা উপাৰ্জনৰ বাবে ভ্ৰমণ কৰে আৰু তাত মৃত্যুবৰণ কৰে অথবা যুদ্ধত ওলাই যায় আৰু নিহত হয়, কয় যে, “সিহঁতে যদি আমাৰ লগত থাকিলেহেঁতেন, আৰু নোলোৱাহেঁতেন আৰু যুদ্ধত নোযোৱাহেঁতেন তেন্তে সিহঁতে মৃত্যুবৰণো নকৰিলেহেঁতেন আৰু নিহতও নহলেহেঁতেন”। আল্লাহে সিহঁতৰ অন্তৰত এই ধাৰণা এই কাৰণেই সৃষ্টি কৰিছিল যাতে সিহঁতে অধিক অনুতাপ কৰে আৰু অধিক চিন্তিত হয়। নিশ্চয় কেৱল আল্লাহেই তেওঁৰ ইচ্ছাত জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বহি থাকিলেও সেই নিৰ্ধাৰিত সময় ৰৈ নাথাকে আৰু ওলাই গলেও সেই নিৰ্ধাৰিত সময় আগতীয়াকৈ নাহে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম দেখি আছে। তোমালোকৰ কৰ্ম তেওঁৰ পৰা অগোচৰ নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।