Assamese Abridged Explanation of the Quran
3:176 - 3:176

হে ৰাছুল! মুনাফিকসকলৰ মাজৰ যিসকলে পিছমুৱা হৈ কুফৰৰ পিনে অতি দ্ৰুত গতিত পলায়ন কৰি আছে, সিহঁতৰ বিষয়ে আপুনি দুখ নকৰিব। কিয়নো সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা দুৰ হৈ সিহঁতে নিজৰেই ক্ষতি সাধন কৰি আছে। আল্লাহে সিহঁতক এই কাৰণে এৰি দিছে আৰু তাওফীক দিয়া নাই, যাতে সিহঁতক আখিৰাতত নিয়ামতৰ পৰা বঞ্চিত কৰে। আৰু সিহঁতৰ বাবে জাহান্নামত আছে অতি কঠিন শাস্তি।