Assamese Abridged Explanation of the Quran
3:188 - 3:188

হে নবী! যিসকলে বেয়া কাম কৰি ভাল পায়, লগতে সিহঁতে এইটো বিচাৰে যে, মানুহে সিহঁতৰ প্ৰশংসা কৰক সেই সত্কৰ্ম সম্পৰ্কে যিটো সিহঁতে কৰা নাই, আপুনি সিহঁতক কেতিয়াও শাস্তিৰ পৰা সুৰক্ষিত আৰু দুৰৈত বুলি নাভাবিব। বৰং সিহঁতৰ ঠিকনা হৈছে জাহান্নাম আৰু তাত সিহঁতক অতি কষ্টদায়ক শাস্তি বিহা হ'ব।