Assamese Abridged Explanation of the Quran
4:1 - 4:1

হে মানৱজাতি! নিজ প্ৰতিপালকক ভয় কৰা। তেৱেঁই তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ ছালামৰ পৰা। আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ পত্নী আৰু তোমালোকৰ মাতৃ হাওৱা আলাইহাচ ছালামক। তাৰ পিছত তেওঁলোক দুজনৰ পৰা পৃথিৱীৰ বুকুত নৰ আৰু নাৰী হিচাপে মানৱজাতি বিস্তাৰ কৰিলে। এতেকে তোমালোকে সেই আল্লাহক ভয় কৰা যাৰ দুহাই দি তোমালোকে ইজনে সিজনৰ পৰা বিচৰা। যেনে তোমালোকে কোৱাঃ মই আল্লাহৰ নামত তোমাৰ ওচৰত নিবেদন কৰো, তুমি এনেকৈ কৰা। আৰু তোমালোকে সম্পৰ্ক বিচ্ছেদ নকৰিবা, যি বন্ধনে তোমালোকক পৰস্পৰে সংযুক্ত কৰি আছে। নিশ্চয় আল্লাহ তোমালোকৰ পৰ্যবেক্ষক। এতেকে তেওঁৰ দৃষ্টিৰ পৰা তোমালোকৰ কোনো আমল গোপন নহয়। বৰং তেওঁ সেয়া গণি ৰাখে আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিব।