Assamese Abridged Explanation of the Quran
4:12 - 4:12

হে পতিসকল! তোমালোকে তোমালোকৰ পত্নীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে (লৰা হওঁক বা ছোৱালী) তোমালোকৰ পৰা হওঁক অথবা আন কাৰোবাৰ পৰা। যদি সিহঁতৰ কোনো থাকে (লৰাই হওঁক বা ছোৱালী), তেন্তে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিবা। ইয়াৰ বিতৰণ তাইৰ অছীয়ত পূৰণ তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। আনহাতে হে পতিসকল! তোমালোকৰ স্ত্ৰীসকলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিব, যদিহে তোমালোকৰ কোনো সন্তান নাথাকে (লৰাই হওঁক বা ছোৱালী) তাইৰ পৰা হওঁক নাইবা আন কোনো স্ত্ৰীৰ পৰা। আনহাতে যদি তোমালোকৰ কোনো সন্তান থাকে (লৰাই হওঁক বা ছোৱালী) তেন্তে এনে অৱস্থা সিহঁতে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ পাব। আৰু এই বিতৰণ অছিয়ত পূৰণ কৰা পিছত তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু সন্তানো নাই অথবা এনেকুৱা কোনো নাৰীৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু মৃতকৰ মাকৰ ফালৰ কোনো ভাই আছে অথবা ভনী আছে তেন্তে সেই ভাই অথবা ভনীয়ে ছয় ভাগৰ এভাগ অংশ লাভ কৰিব। আৰু যদি মাকৰ ফালৰ পৰা ভাই অথবা ভনী একাধিক থাকে তেন্তে সেই সকলোৱে মিলি এক তৃতীয়াংশ লাভ কৰিব, য’ত সকলোৱে অংশীদাৰ হব। এই ক্ষেত্ৰত নাৰী আৰু পুৰুষ সকলো সমান। সিহঁতে নিজৰ অংশ মৃতকৰ অছিয়ত তথা ঋণ পুৰণৰ পিছতহে লাভ কৰিব। কিন্তু চৰ্ত হল মৃত ব্যক্তিৰ অছিয়তে যেন ওৱাৰিছসকলৰ কোনো ক্ষতি সাধন নকৰে। উদাহৰণ স্বৰূপে অছিয়ত যাতে এক তৃতীয়ংশতকৈ বেছি নহয়। এই আয়াতত যি আদেশ দিয়া হৈছে, সেয়া আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে এটা প্ৰতিশ্ৰুতি, যিটো পালন কৰা তোমালোকৰ বাবে অনিবাৰ্য। নিশ্চয় আল্লাহে ভালকৈ জানে দুনিয়া আৰু আখিৰাতত বান্দাৰ বাবে কোনটো উপকাৰী। তেওঁ বৰ সহনশীল, পাপিষ্ট ব্যক্তিক শাস্তি দিয়াৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে।