হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজ পিতৃৰ সম্পত্তিৰ দৰে তেওঁৰ স্ত্ৰীসকলক আৰু কোনো নিকটাত্মীয়ৰ স্ত্ৰীসকলক মিৰাছ হিচাপে গ্ৰহণ কৰা তোমালোকৰ বাবে বৈধ নহয়, আৰু নিজৰ ইচ্ছানুযায়ী তেওঁলোকক বিবাহ কৰা তথা নিজ ইচ্ছানুযায়ী আনৰ ওচৰত বিবাহ দিয়া অথবা তেওঁলোকক বিবাহৰ পৰা বঞ্চিত কৰাটোও তোমালোকৰ বাবে বৈধ নহয়। আৰু তোমালোকৰ বাবে এইটোও বৈধ নহয় যে, নিজৰ যিসকল স্ত্ৰীক তোমালোকে পছন্দ নকৰা সেইসকলক কষ্ট দিবলৈ নিজৰ ওচৰত থাকিবলৈ বাধ্য কৰোৱা। যাতে সিহঁতে বাধ্য হৈ তোমালোকৰ মোহৰ আদি তোমালোকে যি দিছিলা সেয়া ওভোতাই দিয়ে। কিন্তু যদি সিহঁতে কোনো স্পষ্ট গুৰুতৰ অপৰাধ কৰি বহে যেনে- ব্যভিচাৰ, তেন্তে সেয়া সুকীয়া কথা। এনেকুৱা কোনো অপাৰাধ কৰিলে তেন্তে তোমালোকৰ বাবে বৈধ যে, সিহঁতক বাধ্য কৰাই সিহঁতৰ পৰা তোমালোকে দিয়া বস্তুখিনি ঘূৰাই লৈ সিহঁত যাতে অব্যাহতি লয়। এতেকে তোমালোকে নিজৰ স্ত্ৰীসকলৰ লগত উত্তম ব্যৱহাৰ কৰা, সিহঁতক কষ্ট নিদিবা, সিহঁতক সুখ-সুবিধা প্ৰদান কৰিবা। যদি সিহঁতৰ দুনিয়াবী কোনো কৰ্ম তোমালোকৰ পছন্দ নহয়, তেন্তে ধৈৰ্য্য ধাৰণ কৰিবা। এনেকুৱাও হ'ব পাৰে যে, সিহঁতৰ যিটো কৰ্ম তোমালোকে অপছন্দ কৰা সেইটোত পৃথিৱী আৰু আখিৰাতৰ অসংখ্য কল্যাণ নিহিত হৈ আছে।