Assamese Abridged Explanation of the Quran
5:3 - 5:3

চৰীয়তি পদ্ধতি অবিহনে মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস, সেই জন্তু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আন কাৰোবাৰ নাম লোৱা হৈছে, শ্বাসৰূদ্ধ হৈ মৃত্যুবৰণ কৰা জন্তু, আঘাত প্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা জন্তু, ওখ স্থানৰ পৰা পৰি মৃত্যু হোৱা আৰু অন্য জন্তুৱে শিঙেৰে আঘাত কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, বাঘ- সিংহ- আৰু কুকুৰ-নেচীয়াই চিকাৰ কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, এই সকলোবোৰ জন্তু হাৰাম। কিন্তু এইবোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত থকা জন্তু যিটো জবেহ কৰিব পৰা যাব সেইটো তোমালোকৰ বাবে হালাল। আৰু মুৰ্তিৰ বাবে জবেহ কৰা জন্তুও তোমালোকৰ বাবে হাৰাম। তীৰৰ জৰিয়তে ভাগ্য নিৰ্ণয় কৰাও হাৰাম। ইয়াৰ দ্বাৰা এনেকুৱা শিল তথা তীৰ বুজোৱা হৈছে, য'ত লিখা থাকে (কৰা), বা (নকৰিবা) ইয়াৰ পিছত যিটো তীৰ ওলায়, সেই মতেই কাম কৰে। উল্লেখিত কৰ্মসমূহৰ যিকোনো কৰ্ম কৰাটোৱে আল্লাহৰ আদেশ উলংঘা কৰা বুজায়। ইছলামৰ মজবুতি দেখি তোমালোকৰ ধৰ্ম ত্যাগ সম্পৰ্কে কাফিৰসকলে আজি নিৰাশ হৈ পৰিছে। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। আজি আমি তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম ইছলামক পৰিপূৰ্ণ কৰি দিলোঁ, লগতে তোমালোকৰ ওপৰত মোৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো অনুগ্ৰহ পৰিপূৰ্ণ কৰিলোঁ। আৰু ইছলামক তোমালোকৰ বাবে মনোনীত দ্বীন হিচাপে গ্ৰহণ কৰিলোঁ। ইয়াৰ বাহিৰে আন কোনো দ্বীন গ্ৰহণ নকৰোঁ। কিন্তু যদি কোনোবাই ভোকৰ তাড়নাত মৃত জন্তুৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য হয়, গুনাহৰ ইচ্ছা যদি নাথাকে তেন্তে তাৰ কোনো গুনাহ নহয়। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।