Assamese Abridged Explanation of the Quran
5:44 - 5:44

নিশ্চয় আমি মুছাৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিছো, যত আছে কল্যাণৰ প্ৰতি পথপ্ৰদৰ্শন আৰু নূৰ। এই পুথি অনুযায়ী বনী ইছৰাঈলৰ নবীসকলে বিচাৰ ফয়চালা কৰিছিল, তেওঁলোক আছিল আল্লাহৰ আনুগত্যকাৰী। লগতে মানুহক সংশোধনকাৰী উলামা আৰু ফুকাহা সকলেও (ধৰ্মীয় জ্ঞানত পাকৈত সকলেও) সেই অনুসাৰেই বিচাৰ ফয়চালা কৰিছিল। কিয়নো আল্লাহে সিহঁতক তেওঁৰ পুথিৰ সংৰক্ষক নিৰ্ধাৰণ কৰিছিল, যাতে সিহঁতে ইয়াক পৰিৱৰ্তন তথা পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে। সিহঁতে এই কথাৰো সাক্ষী যে, এই পুথি সত্য। আৰু মানুহেও এই পুথি সম্পৰ্কীয় প্ৰশ্ন সিহঁতকেই সোধে। এতেকে হে ইয়াহুদীসকল! মানুহক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। সেয়ে ফয়চালা কৰাৰ সময়ত ধন-সম্পদ, সন্মান অথবা পদৰ লোভত আল্লাহৰ বিধান বিকৃত নকৰিবা। যিসকলে আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে লগতে এনেকুৱা কাৰ্যক বৈধ বুলি ভাৱে, অথবা আন কোনো বিধানক আল্লাহৰ বিধানতকৈ উত্তম বা সমপৰ্যায়ৰ বুলি ভাৱে, প্ৰকৃততে সিহঁতেই কাফিৰ।