হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে নিজৰ দ্বীন এৰি কুফুৰীৰ পিনে উভতি যাব, (সি জানি থোৱা উচিত যে, আল্লাহে সিহঁতৰ পৰিবৰ্তে) এনেকুৱা লোকক সৃষ্টি কৰিব, যিসকলক তেওঁ ভাল পাব, তথা তেওঁলোকেও তেওঁক ভাল পাব হিদায়তৰ পথত অটল থকাৰ কাৰণে। তেওঁলোক মুমিনসকলৰ প্ৰতি নম্ৰ হব আৰু কাফিৰসকলৰ প্ৰতি কঠোৰ হব। আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ সৈতে যুদ্ধ কৰিব, যাতে আল্লাহৰ শব্দ উচ্চ হয়। আৰু কোনো ভৰ্ত্সনাকাৰীৰ ভৰ্ত্সনালৈ ভ্ৰুক্ষেপ নকৰিব। কিয়নো তেওঁলোকৰ দৃষ্টিত সৃষ্টিৰ সন্তুষ্টিতকৈ স্ৰষ্টাৰ সন্তুষ্টি ডাঙৰ। এয়া আল্লাহৰ দান, তেওঁ যাক ইচ্ছা কৰে দান কৰে। আল্লাহ অসীম অনু্গ্ৰহ তথা উপকাৰৰ অধিকাৰী। তেওঁ ভালকৈ জানে কোন তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ, তেওঁ তাকেই প্ৰদান কৰে। আৰু কোন উপযুক্ত নহয়, তাক বঞ্চিত কৰে।