ইয়াহুদীসকলক যেতিয়া অনাবৃষ্টি তথা বিপদে পালে, তেতিয়া কবলৈ ধৰিলে যে, আল্লাহৰ হাত দানৰ পৰা তথা কল্যাণৰ পৰা বঞ্চিত, এই কাৰণেই তেওঁ নিজৰ ধন ভাণ্ডাৰৰ পৰা আমাক বঞ্চিত কৰিছে। জানি থোৱা! প্ৰকৃততে সিহঁতৰেই হাত বন্ধা অৱস্থাত আছে, ফলত সিহঁতে কোনো ভাল কাম নকৰে আৰু দানো নকৰে। সিহঁতক সিহঁতৰ এই কথাৰ কাৰণে আল্লাহৰ কৃপাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে। বৰং আল্লাহৰ দুয়ো হাত উন্মুক্ত, তেওঁ যিদৰে ইচ্ছা কৰে দান কৰে তথা ব্যয় কৰে। কেতিয়াবা অধিক, কেতিয়াবা কম। তেওঁক প্ৰতিৰোধকাৰীও কোনো নাই আৰু তেওঁক বাধ্য কৰিবলৈয়ো কোনো নাই। হে ৰাছুল! আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে, ইয়াৰ ফলত ইয়াহুদীসকলৰ সীমালংঘন আৰু অস্বীকাৰ আৰু বৃদ্ধি পাব। কিয়নো সিহঁতৰ অন্তৰ ঈৰ্ষাৰে পৰিপূৰ্ণ। আমি ইয়াহুদীসকলৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা তথা ঘৃণা সৃষ্টি কৰি দিছো। যেতিয়া সিহঁত যুদ্ধৰ বাবে একত্ৰিত হয় বা ইয়াৰ বাবে প্ৰস্তুতি লয় অথবা যুদ্ধক অগ্নিগৰ্ভা কৰিবলৈ চক্ৰান্ত ৰচে, তেতিয়া আল্লাহে সিহঁতক ছিন্ন-ভিন্ন কৰি দিয়ে, আৰু সিহঁতৰ সকলো শক্তি বিনাশ কৰি দিয়ে। সিহঁতে নিজৰ স্বভাৱ অনুযায়ী ইছলামৰ ভাৱমূৰ্ত্তি ম্লান কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ এনেকুৱা কৰ্ম কৰিব, যাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হব। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰী সকলক পছন্দ নকৰে।