হে মুমিনসকল! আল্লাহে তোমালোকৰ সেই সমূহ শপতৰ কোনো হিচাপ নলব, যিবোৰ তোমালোকৰ মুখত অনায়েসে আহি পৰে। তেওঁ তোমালোকৰ সেই সমূহ শপতৰ হিচাপ লব, যিবোৰ তোমালোকে জানি বুজি খোৱা, আৰু ভঙ্গ কৰা। যদি তোমালোকে এনেকুৱা শপত ভঙ্গ কৰা তেন্তে তিনিটা বস্তুৰ যিকোনো এটাৰ দ্বাৰা তোমালোকে পাপ মুক্তি পাবা। তোমালোকৰ নিজ চহৰৰ মাধ্যমিক খাদ্যৰ পৰা দহ জন মিছকিনক খাদ্য খোৱাব লাগিব। প্ৰত্যক মিছকিনক দিব লাগিব আধা ছা পৰিমাণ খাদ্য দ্ৰৱ্য। অথবা কাপোৰ পৰিধান কৰাব লাগিব নাইবা এজন মুমিন দাস মুক্ত কৰাব লাগিব। শপত ভঙ্গকাৰীয়ে যদি এই তিনিটাৰ এটাও কৰিব নোৱাৰে তেন্তে তিনি দিন চওম পালন কৰিব লাগিব। হে মুমিনসকল! এয়া হৈছে তোমালোকৰ শপত ভঙ্গৰ কাফ্ফাৰা। এতেকে তোমালোকে নিজৰ শপত ৰক্ষা কৰা। আৰু আল্লাহৰ মিছা শপত নাখাবা, লগতে অধিক শপত খোৱাৰ পৰা বিৰত থাকা, আৰু ভঙ্গ নকৰিবা। কিন্তু যদি ভঙ্গ কৰাত কল্যাণ থাকে তেন্তে ভঙ্গ কৰা। কল্যাণ কৰ্মত আগভাগ লোৱা, আৰু ভঙ্গ শপতৰ কাফ্ফাৰা দিয়া। যিদৰে আল্লাহে তোমালোকক শপত সম্পৰ্কে বিৱৰণ দিছে, সেই দৰেই তেওঁ তোমালোকৰ বাবে হালাল আৰু হাৰামৰ বিধান স্পষ্ট ভাৱে বৰ্ণনা কৰিছে। যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ তোমালোকক সেই সমূহ বিষয়ৰ জ্ঞান প্ৰদান কৰিছে, যিবোৰ তোমালোকে জনা নাছিলা।