আমি বনী ইছৰাঈলক, যিসকলক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে দুৰ্বল ভাৱি আছিল, তেওঁলোকক পৃথিৱীৰ পশ্চিম তথা পূৱৰ উত্তৰাধিকাৰী বনাই দিলো। ইয়াৰ দ্বাৰা ছিৰিয়া দেশক বুজোৱা হৈছে, এই দেশৰ খেতি আৰু ফলমূল উৎপাদনত আল্লাহে বৰকত প্ৰদান কৰিছে। আৰু এইদৰে হে নবী! আপোনাৰ প্ৰতিপালকৰ শুভ বচন পূৰণ হৈছে। অৰ্থাৎ সেই বচন, যাৰ উল্লেখ এই আয়াতত আছেঃ {وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ}আৰু আমি সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল, সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো। (ছুৰা কাচাচঃ ৫) ফলত আল্লাহে তেওঁলোকক পৃথিৱীত নেতৃত্ব প্ৰদান কৰিলে, কাৰণ তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য ধাৰণ কৰিছিল। লগতে আমি ফিৰআউনে নিৰ্মাণ কৰা ঘৰ, উট্টালিকা আৰু খেতি-পথাৰ ধ্বংস কৰিছো।