আমি মূছাৰ বাবে, কাঠ অথবা এই জাতীয় কিছুমান ফলকত দ্বীন তথা দুনিয়া সম্পৰ্কীয় সেই সকলো বিধি-বিধান লিখি দিছিলো, যিবোৰৰ প্ৰয়োজন বনী ইছৰাঈলৰ আছিল, যাতে শিক্ষা অন্বেষণকাৰী সকলে শিক্ষা লাভ কৰে আৰু যিবোৰ আদেশৰ বিস্তাৰিত বিৱৰণ আৱশ্যক হয় সেইবোৰ পাব পাৰে। এতেকে হে মূছা! এই তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। আৰু তোমাৰ সম্প্ৰদায় বনী ইছৰাঈলক আদেশ দিয়া যে, সিহঁতে যাতে ইয়াত থকা উত্তম বিষয়বোৰ গ্ৰহণ কৰে, যিবোৰৰ প্ৰতিদান বৰ ডাঙৰ। যেনে- পৰিপূৰ্ণৰূপে আদেশ পালন কৰা, ধৈৰ্য ধাৰণ কৰা, ক্ষমা কৰা। অতিশীঘ্ৰে মই তোমালোকক সেই সকল লোকৰ পৰিণাম দেখুৱাম, যিসকলে মোৰ আদেশৰ বিৰুদ্ধাচৰণ কৰিছে, আৰু মোৰ আনুগত্যৰ পৰা ওলাই গৈছে। তথা সিহঁতৰ ধ্বংস আৰু বিনাশৰ দৃশ্যও তোমালোকক দেখুৱাম।