মানুহৰ মাজত থকা আৰু বিশ্বজগতৰ প্ৰান্তত থকা মোৰ নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু মোৰ পুথিৰ আয়াতসমূহ বুজিবলৈ মই সেই সকল লোকক বাধা প্ৰদান কৰিম, যিসকলে আল্লাহৰ বান্দাসকলৰ প্ৰতি আৰু সত্যৰ প্ৰতি বিনা কাৰণে অহংকাৰ কৰে। এনেকুৱা স্বভাৱৰ লোকে সকলো প্ৰকাৰ নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব। কাৰণ সিহঁতে সেইবোৰৰ প্ৰতি আপত্তি দৰ্শাব আৰু তাৰ পৰা মুখ ঘূৰাই লব। আৰু এই কাৰণেও যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিদ্বেষ পোষণ কৰে। যদিও সিহঁতে সত্যৰ পথ দেখা পায়, যিটো আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায়, তথাপিও সেইটোত পৰিচালিত নহ'ব। আৰু তাত পৰিচালিত হোৱাৰ আগ্ৰহও প্ৰকাশ নকৰিব। আনহাতে যদি কোনো ভ্ৰান্ত পথ দেখা পায়, যি পথে আল্লাহৰ অসন্তুষ্টিৰ পিনে লৈ যায়, তেনে পথত অবিলম্বে পৰিচালিত হ'ব। এই বিপদ সিহঁতৰ ওপৰত কেৱল এই কাৰণে আহিছে যে, সিহঁতে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, যিবোৰে ৰাছুলে লৈ অহা বাৰ্তাক সত্যায়ন কৰে। লগতে এই কাৰণেও যে, সিহঁতে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈয়ো অমনোযোগী আছিল।