মূছা আলাইহিছ ছালাম যেতিয়া তেওঁৰ প্ৰতিপালকক সাক্ষাত কৰি নিজ সম্প্ৰদায়ৰ পিনে উভতি আহিলে, আৰু তেওঁৰ সম্প্ৰদায়ক দামুৰীৰ পূজা পাঠ কৰা দেখি তেওঁ ক্ষুব্ধ আৰু ক্ৰোধান্বিত হৈ ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই গুচি যোৱাৰ পিছত তোমালোকে এইটো বৰ বেয়া পৰিস্থিতি সৃষ্টি কৰিছা। কিয়নো ইয়াৰ পৰিণাম হৈছে বিনাশ আৰু দুৰ্ভাগ্য। তোমালোকে মোৰ অপেক্ষাত নিৰাশ হৈ দামুৰীৰ পূজা পাঠ আৰম্ভ কৰিছা নেকি? ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ লিখিত ফলকসমূহ দলিয়াই দি তেওঁৰ ভাতৃ হাৰূনৰ দাঢ়ি আৰু মূৰত ধৰি টানিবলৈ ধৰিলে, কিয়নো তেওঁ সিহঁতৰ ওচৰত থকাৰ পিছতো সিহঁতক দামুৰীৰ পূজা পাঠৰ পৰা বিৰত ৰাখিব পৰা নাছিল। তেতিয়া হাৰূন আলাইহিছ ছালামে মূছা আলাইহিছ ছালামৰ ওচৰত ওজৰ পেচ কৰি লগতে নম্ৰ ব্যৱহাৰ দাবী কৰি ক'লেঃ হে মোৰ সহোদৰ! সম্প্ৰদায়ৰ লোকসকলে মোক দুৰ্বল বুলি ভাৱি ভ্ৰুক্ষেপ কৰা নাছিল, আৰু মোক হত্যা কৰাৰ উপক্ৰম হৈছিল। এতেকে আপুনি মোক এনেকুৱা শাস্তি নিদিব যাৰ ফলত মোৰ শত্ৰুসকলে হাঁহিবলৈ অৱকাশ পাব। লগতে ক্ৰোধান্বিত হৈ মোক সেইসকল লোকৰ অন্তৰ্ভুক্ত নকৰিব, যিসকলে আল্লাহৰ বাহিৰে আনৰ পূজা কৰি যালিমসকলৰ অন্তৰ্ভুক্ত হৈছে।