হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিবা আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকিবা, লগতে তোমালোকক যেতিয়া সেই সত্যৰ পিনে আহ্বান কৰিব যিটোৰ মাজত আছে তোমালোকৰ জীৱন, তেতিয়া তোমালোকে সেই আহ্বানত সঁহাৰি দিবা। আৰু পতিয়ন যোৱা যে, নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বশক্তিমান। তোমালোকে সত্যক পৰিহাৰ কৰাৰ পিছত আকৌ যদি সত্যক মানিব খোজা তেন্তে তেওঁ তোমালোকৰ আৰু সত্যৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈয়ো সক্ষম। এতেকে যিমান সোনকালে পাৰা সত্যক আঁকোৱালি লোৱা। বিশ্বাস কৰা ক্বিয়ামতৰ দিনা তোমালোকক কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হব। আৰু তেওঁ তোমালোকক পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।