যিসকলে প্ৰথমাৱস্থাত ইছলাম গ্ৰহণকাৰী মুহাজিৰ আৰু আনচাৰসকলৰ পিছৰ সময়ছোৱাত ঈমান পোষণ কৰিছে, কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰি আহিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা নিম্নগামী হয়, হে মুমিনসকল! তেওঁলোকেই তোমালোকৰ অন্তৰ্ভুক্ত। তেওঁলোকেও সেই সমূহ অধিকাৰ পাব, যিবোৰ তোমালোকে পোৱা। যিবোৰ কৰ্তব্য তোমালোকৰ ওপৰত আছে, সেইবোৰ কৰ্তব্য তেওঁলোকৰ ওপৰত প্ৰযোজ্য। নিকটাত্মীয়সকল আল্লাহৰ বিধান অনুসাৰে ঈমান আৰু হিজৰতৰ ভিত্তিত উত্তৰাধিকাৰী হোৱাৰ ক্ষেত্ৰত আগতে যি বিধান দিয়া হৈছিল, সেইমতে পৰস্পৰে পৰস্পৰৰ উত্তৰাধিকাৰী হোৱাৰ অধিক যোগ্য। নিশ্চয় আল্লাহ সকলো বিষয় সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ভালদৰে জানে কোনটো বস্তু তেওঁৰ বান্দাসকলৰ বাবে উপকাৰী। সেয়ে তেওঁ সেইটোৰেই আদেশ দিয়ে।