Assamese Abridged Explanation of the Quran
14:3 - 14:3

যিসকলে কুফুৰী কৰে সিহঁতে পাৰ্থিৱ জীৱনক আৰু তাত থকা ক্ষণস্থায়ী নিয়ামতবোৰক আখিৰাতৰ ওপৰত তথা তাত থকা চিৰস্থায়ী নিয়ামতবোৰৰ ওপৰত প্ৰাধান্য দিয়ে। মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, তেওঁৰ পথক বিকৃত কৰি, সত্যৰ পৰা আঁতৰাই তথা বক্ৰতা অৱলম্বন কৰি উপস্থাপন কৰে, যাতে কোনেও সেই পথত পৰিচালিত নহয়। এনেকুৱা প্ৰকৃতিৰ লোকসকলেই সত্যৰ পৰা তথা সঠিকতাৰ পৰা বহু আঁতৰত অৱস্থান কৰিছে।