Assamese Abridged Explanation of the Quran
14:4 - 14:4

আমি যি ৰাছুলেই প্ৰেৰণ কৰিছো, প্ৰত্যেককে তেওঁলোকৰ স্ব-জাতিৰ ভাষাত কথা ক'ব পৰাকৈ প্ৰেৰণ কৰিছিলো। যাতে ৰাছুলে আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে সেয়া সহজতে তেওঁলোকে বুজিব পাৰে। আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ বাধ্য কৰোৱাৰ বাবে ৰাছুল প্ৰেৰণ কৰা নাছিলো। কিয়নো আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত হিদায়তৰ তাওফীক প্ৰদান কৰে। তেওঁ মহা পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি আৰু নিয়ন্ত্ৰণত মহা প্ৰজ্ঞাৱান।