Assamese Abridged Explanation of the Quran
14:7 - 14:7

আৰু মূছাই সিহঁতক ক'লেঃ তোমালোকে সেই সময়ছোৱাক স্মৰণ কৰা, যেতিয়া তোমালোকৰ প্ৰতিপালকে তোমালোকক গুৰুত্ব সহকাৰে জনাইছিল যে, যদি তোমালোকে আল্লাহে প্ৰদান কৰা নিয়ামতবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তেন্তে তেওঁ তোমালোকক আৰু অধিক নিয়ামত তথা তেওঁৰ অনুগ্ৰহ দান কৰিব। আনহাতে যদি তোমালোকে তেওঁৰ নিয়ামতসমূহ অস্বীকাৰ কৰি তেওঁৰ অকৃতজ্ঞতা প্ৰকাশ কৰা তেন্তে জানি থোৱা, তেওঁৰ নিয়ামত অস্বীকাৰকাৰী সকলৰ বাবে আৰু অকৃতজ্ঞ সকলৰ বাবে তেওঁৰ শাস্তি নিশ্চয় অতি কঠোৰ।