Assamese Abridged Explanation of the Quran
14:13 - 14:13

ৰাছুলসকলৰ সম্প্ৰদায়ৰ কাফিৰসকলে যেতিয়া তেওঁলোকৰ কথাৰ উত্তৰ দিব নোৱাৰিলে তেতিয়া সিহঁতে ক'লেঃ আমি তোমালোকক অৱশ্যে আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিম, অন্যথা তোমালোকে নিজৰ ধৰ্ম ত্যাগ কৰি আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব লাগিব। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলসকলক সান্তনা প্ৰদান কৰি অহী কৰিলে যে, আমি এই অন্যায়কাৰী সকলক অৱশ্যে ধ্বংস কৰিম, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে।