Assamese Abridged Explanation of the Quran
14:14 - 14:14

হে ৰাছুল আৰু তেওঁৰ অনুসাৰীসকল! আমি সিহঁতক ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিম। অস্বীকাৰকাৰী কাফিৰসকলক ধ্বংস কৰাৰ পিছত, ৰাছুল আৰু মুমিনসকলক প্ৰতিষ্ঠিত কৰাৰ যি কথা কোৱা হৈছে সেয়া সেইসকল লোকৰ বাবে যিয়ে মোৰ মহানতাক মূল্যায়ন কৰে তথা সদায় মনত ৰাখে যে আমি তাক পৰ্যবেক্ষণ কৰি আছো, লগতে যিয়ে মোৰ শাস্তিক ভয় কৰে।