Assamese Abridged Explanation of the Quran
14:32 - 14:32

তেৱেঁই আল্লাহ, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে, আৰু সেই পানীৰে হে মানৱজাতি! তোমালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ ফলমূল সৃষ্টি কৰে। আৰু তেৱেঁই প্ৰকাণ্ড প্ৰকাণ্ড জাহাজক তোমালোকৰ আয়ত্ত্বাধীন কৰি দিছে, যিবোৰ তেওঁৰ আদেশতেই পানীত চলাচল কৰে। লগতে নদীসমূহকো তোমালোকৰ বশৱৰ্তী কৰি দিছে, যাতে তোমালোকে তাৰ পানী খাব পাৰা, লগতে খেতি-বাতিত দিব পাৰা আৰু জীৱ-জন্তুক খোৱাব পাৰা।