Assamese Abridged Explanation of the Quran
14:35 - 14:35

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীমে তেওঁৰ পুত্ৰ ইছমাঈল আৰু তাৰ মা হাজিৰক মক্কাৰ উপত্যকাত এৰি থৈ দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! এই নগৰখনক তুমি শান্তিৰ নগৰ বনাই দিয়া, যত মই মোৰ পৰিয়াল এৰি থৈ গলো। ইয়াত যাতে কাৰো ওপৰত অন্যায় কৰা নহয় আৰু তেজ প্ৰবাহিতও নহয়। লগতে মোক আৰু মোৰ সন্তানসকলক মূৰ্তি পূজাৰ পৰা দূৰত ৰাখিবা।