Assamese Abridged Explanation of the Quran
14:34 - 14:34

তেৱেঁই তোমালোকক সেই সকলো বস্তু প্ৰদান কৰিছে যিবোৰ তোমালোকে বিচাৰিছিলা আৰু যিবোৰ তোমালোকে বিচৰা নাছিলা। আল্লাহৰ নিয়ামত সংখ্যাত ইমান বেছি যে, যদি সেইবোৰ তোমালোকে গণনা কৰিব বিচৰা তেন্তে কেতিয়াও সেয়া গণি শেষ কৰিব নোৱাৰিবা। তোমালোকৰ সন্মুখত বৰ্ণিত নিয়ামতসমূহ হৈছে কেৱল কিছুমান উদাহৰণ মাত্ৰ। নিশ্চয় মানুহ নিজৰ প্ৰতি নিজেই অন্যায়কাৰী, তথা আল্লাহৰ নিয়ামতসমূহক অধিক অস্বীকাৰকাৰী।