Assamese Abridged Explanation of the Quran
14:41 - 14:41

হে মোৰ প্ৰতিপালক! মোৰ গুনাহবোৰ ক্ষমা কৰি দিয়া, লগতে মোৰ পিতৃ-মাতৃৰ গুনাহ সমূহকো ক্ষমা কৰি দিয়া। (এই প্ৰাৰ্থনা তেওঁ সেই সময়ত কৰিছিল যেতিয়া তেওঁ অৱগত নাছিল যে, তেওঁৰ পিতৃ এজন আল্লাহৰ শত্ৰু। যেতিয়া তেওঁ এই বিষয়টো অৱগত হৈছিল তেতিয়া তেওঁ তাৰ পৰা পৃথক হৈছিল।) লগতে মুমিনসকলৰো গুনাহ ক্ষমা কৰি দিবা সেই সময়ত যি সময়ত তেওঁলোকক নিজ প্ৰতিপালকৰ সন্মুখত হিচাপ কিতাবৰ বাবে থিয় কৰোৱা হ'ব।