Assamese Abridged Explanation of the Quran
14:42 - 14:42

হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, যিহেতু আল্লাহে অত্যাচাৰীসকলক শাস্তি দিয়াত পলম কৰি আছে, সেয়ে হয়তো তেওঁ অত্যাচাৰীসকলৰ অস্বীকাৰ কৰা কাৰ্য আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰখা আদি কৰ্মৰ সম্পৰ্কে অৱগত নহয়, বৰং তেওঁ অৱগত। তেওঁৰ পৰা কোনো বিষয়ে গোপন নহয়। দৰাচলতে আল্লাহে সিহঁতৰ শাস্তিক ক্বিয়ামত পৰ্যন্ত পলম কৰি ৰাখিছে। সেই দিনটো ইমান ভয়াৱহ হ'ব যে, মানুহে সেয়া দেখি সিহঁতৰ চকু কপালত উঠিব।