Assamese Abridged Explanation of the Quran
16:2 - 16:2

আল্লাহে ফিৰিস্তাসকলক তেওঁৰ অহীৰ সৈতে যি ৰাছুলৰ প্ৰতি ইচ্ছা কৰে প্ৰেৰণ কৰে যে, হে ৰাছুল! আপুনি মানুহক আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ পৰা সতৰ্ক কৰক। কিয়নো মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে হে মানৱজাতি! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।