Assamese Abridged Explanation of the Quran
16:1 - 16:1

হে কাফিৰসকল! আল্লাহে তোমালোকক শাস্তি প্ৰদানৰ যি সিদ্ধান্ত লৈছে, সেই সময়টো অতি সন্নিকট হৈ পৰিছে। এতেকে নিৰ্ধাৰিত সময়ৰ আগতে সেইটোক পোৱাৰ বাবে খৰধৰ নকৰিবা। মুশ্বৰিকসকলৰ অংশীস্থাপনৰ পৰা আল্লাহ তাআলা অতি পৱিত্ৰ।